হিমন্ত চৰকাৰৰ 100 দিন সম্পূৰ্ণ : নলবাৰী প্ৰশাসনে দাঙি ধৰিলে খতিয়ান
🎬 Watch Now: Feature Video
ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰখনে পূৰণ কৰিলে সম্পূৰ্ণ এশটা দিন ৷ এই এশ দিনৰ খতিয়ান দাঙি ধৰি শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে নলবাৰী জিলা প্ৰশাসনে ৷ উপাযুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে জিলা উপায়ুক্তগৰাকীয়ে চৰকাৰৰ হৈ জিলাখনত হোৱা উন্নয়নমূলক কাম-কাজৰ বিস্তৃত বিৱৰণ প্ৰকাশ কৰে ৷ সেই অনুসৰি, এই এশ দিনৰ ভিতৰত জিলাখনৰ কৃষি বিভাগত চিনাক্ত কৰা হয় ১৯২৬১ গৰাকী ভুৱা কৃষকৰ লগতে ৭৯২ গৰাকী চাকৰিয়াল কৃষক ৷ কৃষক কল্যাণ নিধিৰ হিতাধিকাৰী সম্পৰ্কত নতুনকৈ চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে ৷ জিলাখনত মুঠ হিতাধিকাৰী আছিল প্ৰায় ১,২৩,৪০০ গৰাকী ৷ বিগত এশ দিনৰ ভিতৰত ৮,৫৪০ গৰাকী কৃষকৰ ফচল বীমাকৰণৰ ব্যৱস্থা কৰা হৈছে বুলি উপায়ুক্ত গীতিমণি ফুকনে জানিবলৈ দিয়ে ৷ একেদৰে জল মিছনৰ কাম দ্ৰুতগতিত চলাই থকা বুলি সংবাদমেলত সদৰী কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷