কাৰাগাৰৰ কয়দীতকৈও শোচনীয় অৱস্থাত দিন কটাইছে ডিটেনচন কেম্পৰ বন্দীয়ে - Tezpur detention camp prisoner not geting proper food facility: Tapas Bose
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4968478-thumbnail-3x2-tezpur.jpg)
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্প পৰিদৰ্শন সদৌ অসম বাঙালী পৰিষদৰ মুখপাত্ৰ তাপস বসুৰ ৷ সদৌ অসম বাঙালী পৰিষদৰ মুখপাত্ৰ তাপছ বসুৰ নেতৃত্বত 4 জনীয়া দল এটাই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডেটেনচন কেম্পৰ লোকসকলক সাক্ষাৎ কৰি সা-সুবিধাৰ বুজ লয় ৷ মুখপাত্ৰজন ডিটেনচন কেম্পত থকা লোকসকলৰ সা-সুবিধাক লৈ মুঠেও সন্তুষ্ট নহয় ৷ তেওঁ প্ৰকাশ কৰে যে ডিটেনচন কেম্পৰ লোকসকলক নূন্যতম সুবিধাখিনিৰ পৰাও বঞ্চিত কৰা হৈছে ৷ লগতে কয় যে তেওঁলোক কোনো কাৰাগাৰৰ কয়দী নহয় এই ক্ষেত্ৰত কাৰাগৰাৰ কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে তাপস বসুয়ে ৷
ইয়োৰোপৰি চিকিৎসাৰ অভাৱত কেইবাজনো লোকক গুৱাহাটীকে ধৰি অন্যান্য চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া হোৱা কাৰ্যই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পৰ স্বৰূপ উদঙাইছে ৷ এই দুৰৱস্থা দেখি চৰকাৰৰ ওপৰত ক্ষোভ উজাৰিলে পৰিয়ালৰ লোক তথা মুখপাত্ৰজনে ৷