বানচৰ বাবে ৰঙাপৰাৰ ধুলাপাদূং চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
ৰঙাপৰাৰ ধুলাপাদূং চাহ বাগিচাত ২০ শতাংশ বানচ প্ৰদানৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সংঘৰ কৰ্মীসকলে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ধুলাপাদূং চাহ বাগিচাৰ পৰিৱেশ । দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এপিজে টি কোম্পানী লিমিটেডে ২০২০-২১ বৰ্ষৰ বানচ সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰি থকা বাবে সম্প্ৰতি চাহ শ্ৰমিক ৰাইজ ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰে ২০ শতাংশ বনাচ আদায়ৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰঙাপৰা শাখাই ঘইৰালি চাহ বাগিচাতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অহা ২৪ ঘণ্টাৰ ভিতৰত যদি বানচ ঘোষণা নকৰে তেনেহ'লে এপিজে কোম্পানীৰ অধীনত থকা ১৭ খন চাহ বাগিচাত পুনৰ অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে সংঘৰ ৰঙাপৰা শাখাৰ সম্পাদক ৰয়েল চৰেঙে ।