চৰকাৰী বাসভৱনত শেষবাৰলৈ তৰুণ গগৈৰ নশ্বৰ দেহ - নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 26, 2020, 10:07 AM IST

শেষবাৰৰ বাবে চৰকাৰী বাসভৱনলৈ অনা হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ ৷ আজি নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰশাসনে ৷ সেই অনুসৰি পুৱা কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনলৈ লৈ অনা হৈছে প্ৰয়াত গগৈৰ নশ্বৰ দেহ ৷ চৰকাৰী বাসভৱনত পৰিয়ালৰ লোকে ৰীতি-নীতি অনুসৰি শেষ শ্ৰদ্ধা জনায় ৷ শেষ বাৰলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক চৰকাৰী বাসভৱনত সকলো নীতি-নিয়ম কৰাৰ পাছত লৈ যোৱা হ'ব ৰুক্মিনীগাঁৱৰ গীৰ্জালৈ ৷ ইয়াৰ পাছত জু-ৰোডস্থিত নামঘৰলৈ নিয়া হ'ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ চৰকাৰী বাসভৱনতো বহু গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায় প্ৰয়াত তৰুণ গগৈক ৷ বাসভৱনত শেষ শ্ৰদ্ধা জনায় বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীয়ে ৷ তেখেতে কয় যে পৃথিবীৰ শ্ৰেষ্ঠতম ব্যক্তি আছিল তৰুণ গগৈ ৷ মুখ্যমন্ত্ৰী হৈও সাধাৰণ লোককো সমানেই গুৰুত্ব দিছিল প্ৰয়াত গগৈয়ে ৷ লগতে ভগ্ন অৰ্থনীতি, বিভিন্ন সমস্যা সমাধানত তেওঁ গুৰুত্ব দিছিল বুলি মন্তব্য কৰে চক্ৰবৰ্তীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.