বিশ্বনাথত প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন - বেদেতী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11713177-thumbnail-3x2-aaa.jpg)
ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে সোমবাৰে বিশ্বনাথৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সৈতে অহা এজাক ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ৷ বিয়লি ৫ মান বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হোৱা বৰষুণৰ সৈতে অহা প্ৰচণ্ড ধুমুহাৰ ফলত বিশ্বনাথৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি হয় ৷ বিশেষকৈ বিহালী সমষ্টিৰ মোনাবাৰী, বৰগাং, বেদেতী, ৰাংচালী গাঁৱত গছ উভালি পৰি কেইবাটাও বিদ্যুৎ পৰিবাহী খুঁটা ভাগি যোৱাৰ লগতে তাঁৰ ছিঙি যায় ৷ ফলত সন্ধিয়াৰ পৰা এইমুহুৰ্ত পর্যন্ত বৃহত্তৰ অঞ্চলটোৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে ৷ ইফালে বতাহ-ধুমুহাই বহু লোকৰ ঘৰ-দুৱাৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু লোকৰ তামোল-নাৰিকল গছ উভালি পৰা বুলি জানিব পৰা গৈছে ৷