Jorhat Mob Lynching case: অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বুজ ল'লে জি পি সিঙে - যোৰহাট জিলাত ড্ৰাগছৰ বিৰোধী অভিযানৰ নিৰ্দেশ জি পি সিঙৰ
🎬 Watch Now: Feature Video
যোৰহাটত উপস্থিত হৈ আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত বুজ ল'লে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে(GP Singh takes stock of Jorhat mob lynching case) । তেওঁ কয় যে, অনিমেশ হত্যাকাণ্ডৰ অভিযোগনামা ২০২২ বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে দাখিল কৰা হ'ব(Animesh Bhuyan murder case investigation) । দোষী যাতে ৰক্ষা পৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এখন কঠোৰ অভিযোগনামা দাখিল কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । পৰ্যাপ্ত সাক্ষী, প্রমাণ আৰক্ষীয়ে লাভ কৰিছে বুলিও বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে । আনহাতে, এই ঘটনাৰে জড়িত অধিকাংশ অভিযুক্ত ড্ৰাগছৰ বেহাৰে জড়িত বুলি প্ৰমাণ পোৱা গৈছে । যোৰহাট জিলাত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা সন্দৰ্ভত জি পি সিঙে কয় যে, তেওঁ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে । ইফালে, যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । তেওঁ জনায় যে, অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত সঠিক দিশত আগবাঢ়িছে । উল্লেখ্য যে, যোৱা ২৯ নৱেম্বৰত আছু নেতা অনিমেশ ভূঞাক যোৰহাট চহৰৰ মাজ মজিয়াতে একাংশ উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ।
Last Updated : Dec 21, 2021, 7:28 PM IST