ৰাজ্যৰ টেট শিক্ষকৰ মাজত হাহাকাৰ - SILCHAR AND TINSUKIA TET TEACHER PROTEST
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4429714-thumbnail-3x2-tet.jpg)
সমগ্ৰ ৰাজ্যতে টেট শিক্ষকৰ মাজত হাহাকাৰ৷ ৰাজ্যৰ বিভিন্ন এলেকাৰ টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত অব্যাহত প্ৰতিবাদ৷ তিনিচুকীয়া জিলাৰ হাপজান শিক্ষা খণ্ডৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে জিলাখনৰ চাৰিটা শিক্ষা ব্লকৰ অধীনৰ ঠিকাভিত্তি প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত শিক্ষক সকলে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ঠিকা ভিত্তিক টেট উৰ্ত্তীণ শিক্ষক সকলৰ চাকৰি বিনা চৰ্তে নিয়মীয়াকৰণ কৰা আৰু বেতন সুৰক্ষা সহ নিয়মীয়া কৰি প্ৰাপ্য অধিকাৰ দিবলৈ চৰকাৰক দাবী জনাই এই অৱস্থান ধৰ্মঘট পালন কৰে শিক্ষকসকলে৷
তিনিচুকীয়াৰ লগতে কাছাৰতো টেট শিক্ষকসকলে দুই ঘণ্টীয়া এক প্ৰতীকী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ দীৰ্ঘ দিনৰ আন্দোলনৰ লগতে চাকৰি স্থায়ীকৰণৰ বাবে শিক্ষামন্ত্ৰীক অনুৰোধ জনায় শিক্ষকসকলে৷