thumbnail

By

Published : Jan 10, 2022, 7:25 PM IST

ETV Bharat / Videos

আৰক্ষী অধীক্ষকৰ সন্মিলনেই মাতিলে নেকি বিপদ ; ক’ভিডত আক্ৰান্ত ৰাজ্যৰ বহু শীৰ্ষ আৰক্ষী বিষয়া

ৰাজ্যৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া চিকাৰ হৈছে ক’ভিডৰ (Several Assam police official tests for covid positive) ৷ ডি জি পি-এছ পি আদি কেইবাজনো বিষয়া ক’ভিডৰ গ্ৰাসত ৷ ক’ভিডত আক্ৰান্ত কোৱাৰেণ্টাইন হ’ব লগা হৈছে এইসকল আৰক্ষী বিষয়া ৷ যোৱা 3 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত (Second SP's conference in Duliajan) উপস্থিত আছিল এইসকল বিষয়া ৷ তাৰ পাচতেই তেওঁলোকৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি ৷ আক্ৰান্ত বিষয়াসকলৰ ভিতৰত আছে বিশেষ ডিজিপি হীৰেন নাথ, ডি আই জি সত্যৰাজ হাজৰিকা, বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, শদিয়াৰ আৰক্ষী অধীক্ষক মোহন লাল মীনা, শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পি ঘনাৱট, CID ৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.