উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত বিদ্যালয় পৰিদৰ্শকক - বিদ্যালয় নিৰ্মাণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9833921-thumbnail-3x2-ass.jpg)
নলবাৰীত দুৰ্নীতি নিবাৰক শাখাই হাতে লোতে ধৰিলে বিদ্যালয় পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক ৷ টকা উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে বিষয়া গৰাকীয়ে ৷ অভিযোগ অনুসৰি, নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ 50 হাজাৰ টকা কমিচন বিচাৰিছিল জ্যোৎস্না ৰাণী বৰ্মনে ৷ সেই কমিচনৰ আগধন হিচাপে বৃহস্পতিবাৰে 15 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই ধৰা পেলালে বিষয়া গৰাকীক ৷