চৰাইদেউৰ সোণাৰিত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ - সোৱনশিৰি
🎬 Watch Now: Feature Video
বৃহৎ নদীবান্ধৰ বিৰোধিতাৰ লগতে মূল্যবৃদ্ধি ৰোধ আৰু গো-সুৰক্ষা আইন বাতিলৰ দাবীত উত্তাল হ'ল চৰাইদেউ জিলাৰ সদৰ সোণাৰি । ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ পাছতে সাধাৰণ ৰাইজ সমস্যাত পৰিব লগাত হৈছে । ৰাইজৰ সমস্যালৈ গুৰুত্ব প্ৰদান নকৰি চৰকাৰে গো-সুৰক্ষা আইন প্ৰনয়ন কৰিবলৈ লোৱাত ৰাজ্যৰ গো-পালক সকলো সমস্যা পৰিব লগা হৈছে । গো-পালন কৰি পৰিয়াল পোহ-পাল দিয়া গ্ৰাম্য সমাজৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । আনহাতে ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদৰ পাছতো সোৱণশিৰিৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তৎপৰ হৈ উঠা সময়তে সোণাৰিত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ । বৃহৎ নদীবান্ধৰ বিৰোধিতাৰ লগতে মূল্যবৃদ্ধি ৰোধ আৰু গো-সুৰক্ষা আইন বাতিলৰ দাবীত সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই কাৰ্যসূচী । ৰাজ্য বিজেপি চৰকাৰে লোৱা এনে বোৰ সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোৱে । টাইপা, আহোম জাতীয় গণ মঞ্চয়ো সহযোগিতা আগবঢ়াই প্ৰতিবাদী কাৰ্যসূচীত ।