বিলাসীপাৰাত ডকাইতে লুটি নিলে অলংকাৰসহ নগদ ধন

By

Published : Sep 15, 2021, 4:48 PM IST

thumbnail
বিলাসীপাৰা চহৰৰ ভৈৰৱগঞ্জৰ ৮ নং ৱাৰ্ডত সোমবাৰে নিশা সংঘটিত হ'ল ডকাইতি কাণ্ড । অস্ত্ৰধাৰী ডকাইতৰ দলে বিনীতা ৰয় নামৰ এগৰাকী মহিলাৰ ঘৰত লুট-পাত চলায় । নিশা প্ৰায় ১-২ বজাৰ ভিতৰত পাঁচজনীয়া ডকাইতৰ দলটোৱে চোকা অস্ত্ৰ দেখুৱাই পৰিয়ালটোক ভীতিগ্ৰস্ত কৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ পৰা আলমীৰাৰ ছাবি কাঢ়ি লয় । ইয়াৰ পাছতে পৰিয়লটো ঘৰৰ এটা কোঠাত সোমাই থাকিবলগীয়া হয় আৰু ডকাইতৰ দলটোৱে সোণ-ৰূপৰ অলংকাৰ লুটি নিয়ে । বিনীতা ৰয়ে জনোৱা মতে, ডকাইতে এডাল সোণৰ চেইন, তিনিটা আঙুঠিৰ লগতে ৰূপৰ অলংকাৰো লৈ গৈছে । পিছত বিনীতা ৰয়ৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ তদন্ত চলায় । আনহাতে, এই ডকাইতি কাণ্ডক লৈ বিলাসীপাৰা চহৰত আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতিও প্ৰশ্ন উত্থাপন হৈছে । লগতে নিশাৰ ভাগত টহল দিয়াৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীক আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.