ৰাজহুৱা পুখুৰী বেদখল কৰাৰ অভিযোগ তুলি ৰাইজৰ ধৰ্ণা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 5, 2021, 12:14 PM IST

এটি ৰাজহুৱা পুখুৰী বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি ৰঙিয়াত পুৰুষ-মহিলাৰ ধৰ্ণা(Protest) ৷ ডেৰশ বছৰীয়া ৰাজহুৱা পুখুৰীটো বেদখল কৰাত চাপনীয়া গাঁৱৰ তিনিগৰাকী লোকৰ বিৰুদ্ধে ক্ষুব্ধ হৈ ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে গাঁওবাসীয়ে । ৰঙিয়া থানা(Rangia Police Station)ত ন্যায় বিচাৰি ইতিমধ্যে তিনিগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে চাপনীয়া গাঁও উন্নয়ন সমিতিয়ে । গাঁওখনৰ তিনিগৰাকী লোকৰ পূৰ্বপুৰুষে শিৱ মন্দিৰ স্থাপন আৰু ৰাজহুৱা পুখুৰী খান্দি দান কৰিছিল । কিন্তু এতিয়া পুনৰ আন তিনিগৰাকী লোকে সেই চাৰি কঠা ভূমি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে । ইফালে ভূমি বেদখল কৰা সন্দৰ্ভত সকলো অভিযোগ নস্যাৎ কৰে অভিযুক্ত তিনিওগৰাকী লোকে । চাওক এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.