thumbnail

By

Published : Nov 13, 2021, 2:10 PM IST

ETV Bharat / Videos

শৰালি হাঁহৰ নিধনৰ বিৰুদ্ধে দেৰগাৱঁত প্ৰতিবাদ

গোলাঘাটৰ দেৰগাঁৱত অব্যাহত আছে পৰিভ্ৰমী শৰালি হাঁহ(Indian Whistling Ducks)ৰ নিধন কাৰ্য । একাংশ দুষ্টচক্ৰই নিতৌ শ শ শৰালি হাঁহ হত্যা কৰি আহিছে । যাৰবাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । পক্ষীকূলৰ সুৰক্ষাৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰাও দেখা গৈছে । ইয়াৰ মাজতে শুকুৰবাৰে পুৱাই দেৰগাঁৱৰ একাংশ সচেতন নাগৰিকে মানৱ শৃংখল (Human Chain) কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যত বিয়াগোম বন বিভাগ (Forest Department) থকাৰ পাছতো শৰালি হাঁহ নিধনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ৰাইজ । পৰিভ্ৰমী শৰালি হাঁহ ৰক্ষাৰ বাবে চৰকাৰৰ ওচৰত দাবী ৰাইজৰ । ইফালে ৰাইজৰ এই দাবীৰ পাছতে অঞ্চলটোত উপস্থিত বন বিভাগৰ দুগৰাকীকৈ বন বিষয়া । স্থানীয় গাঁওৰক্ষী বাহিনীক (VDP) পক্ষীকূলৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰে বন বিষয়া কেইগৰাকীয়ে । বন বিভাগৰ এনে কৰ্মত পুনৰ সৰৱ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । বন বিভাগ থকাৰ পাছতো গাঁওৰাক্ষী বাহিনীক পক্ষীকূলৰ সুৰক্ষাৰ দায়িত্ব দিয়াত ক্ষোভিত হৈ পৰিছে লোকসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.