যোৰহাটত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদ মেল - যোৰহাটৰ আৱৰ্ত ভৱন
🎬 Watch Now: Feature Video
অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে যোৰহাটৰ আৱৰ্ত ভৱনত উপস্থিত হৈ যোৰহাট জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । এই পৰ্যালোচনা সভাত বিভাগীয় মন্ত্ৰী গৰাকীয়ে জিলাখনৰ মথাউৰি, খহনীয়া সমস্যাৰ বুজ লয় । কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ বান-খহনীয়া পৰিস্থিতিক গুৰুত্ব সহকাৰে লৈছে বুলি সদৰী কৰে পীযুষ হাজৰিকাই ৷ ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে ঢেকীয়াখোৱা নামঘৰৰ দেৱাল খহি পৰাৰ ঘটনা পৰ্যবেক্ষণ কৰাৰ কথা কয় ৷