দীপাৱলীৰ সন্ধিয়া পোহৰাবলৈ যমুনামুখত অন্তহীন ব্যস্ততা মৃৎ শিল্পীৰ - potter prepartation of diwali at jamunamukh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13528537-thumbnail-3x2-hojai.jpg)
দীপাৱলীক লৈ হোজাই জিলাৰ যমুনামুখৰ মৃৎ শিল্পীসকলৰ মাজত বৃদ্ধি পাইছে ব্যস্ততা । দীপাৱলীত পোহৰেৰে ৰাজ্য উজলাই তোলাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ মৃৎ শিল্পীসকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । থলুৱা শিল্পীসকলে দিনে-নিশাই বৰ্তমান হাজাৰ-হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে । দীপাৱলীত চীনা সামগ্ৰী, লাইট আদিক প্ৰত্যাহ্বান জনাবলৈ থলুৱা শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰ বিক্ৰীৰ বাবে সাজু কৰিছে ৷