thumbnail

By

Published : Nov 27, 2020, 2:29 PM IST

ETV Bharat / Videos

চিৰদিনলৈ চিতাগ্নিত হেৰাই গ’ল চিৰতৰুণ

চিৰদিনলৈ চিতাগ্নিত হেৰাই গ’ল চিৰতৰুণ ৷ নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে বিদায় জনোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক । তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৱেগিক হৈ পৰিল সকলো । সম্প্ৰীতিৰ অসম গঢ়াৰ সপোন দেখা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদায় ক্ষণত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । ৰাজ্যৰ সুদক্ষ তথা বৰ্ষীয়ান নেতাগৰাকীৰ মহান আদৰ্শক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে ৰাজ্যৰ কেইবাগৰাকীও নেতা-মন্ত্ৰীয়ে । সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰে এক ঘনিষ্ঠ সম্পৰ্ক আছিল তেওঁৰ ৷ এক প্ৰকাৰ অভিভাৱকৰ দৰে জ্ঞান কৰিছিল তৰুণ গগৈক ৷ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তিত ঘটিল বুলি মন্তব্য কৰে সাংসদ বৰদলৈয়ে ৷ মন্ত্ৰী অতুল বৰাই কয় যে, "এয়া অসমৰ বাবে এক অপূৰণীয় ক্ষতি। আমি মৰ্মাহত হৈছোঁ । এনে এগৰাকী মহান আদৰ্শবাদী নেতাক হেৰুৱাই ।" প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেশী আত্মা সদগতি কামনা কৰি তেখেত সদায় প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থাকি যাব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই । আনহাতে সাংসদ তপন গগৈয়ে কয় যে, "অসমৰ হিতৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অলেখ কাম কৰি গৈছে । নিজৰ সমষ্টি তিতাবৰৰ উন্নয়নৰ বাবেও তেখেতে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা । অসমৰ ৰাজনীতিৰ মহীৰূহ স্বৰূপ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । তেখেতৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি।" কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শোক ব্যক্ত কৰে তৰুণ গগৈৰ দেহাৱসানত ৷ তেওঁ কয় যে, "তৰুণ গগৈৰ মহান আদৰ্শৰে আগবাঢ়িব প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মী। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সপোন বাস্তবায়িত কৰা হ'ব । জননেতা তৰুণ গগৈয়ে এখন সম্প্ৰীতিৰ, প্ৰগতিশীল অসম গঢ়াৰ সপোন দেখিছিল । তেখেত এই আশা কংগ্ৰেছে অনাগত দিনত পূৰণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.