গঁড় দেখি বাঁহ গছত উঠিল কোন ? - গঁড়ৰ মুক্ত বিচৰণত আতংকিত মাজুলীবাসী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14293575-1029-14293575-1643263462599.jpg)
মাজুলীত বৃহস্পতিবাৰৰ পুৱাই পুনৰ ওলাল গঁড় (Rhino roaming freely in Majuli) ৷ গঁড়টোৱে পোহনীয়া ম’হৰ সৈতে যুঁজ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ নিজৰ ম’হৰ ভেটিত গঁড়টো দেখি ভলুকা বাঁহত উঠি প্ৰাণ ৰক্ষা কৰিলে ম’হৰ গুৱালে ৷ অৱশেষত গুৱালজনৰ পৰা জাননি পাই সেই স্থানত গোট খোৱা ৰাইজৰ জুম দেখি হাবিৰ ফালে সোমাই যায় গঁড়টো ৷ এতিয়া গঁড়টোৱে মাজুলীৰ যোগী গাৱঁৰ এখন নলনিত অৱস্থান কৰি আছে বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে । কাজিৰঙাৰ পৰা ওলাই আহি বিগত এমাহে মাজুলীত অৱস্থান কৰা গঁড়টো মাজুলী বন বিভাগে খেদি পঠোৱাৰ চেষ্টা কৰি আছে যদিও সক্ষম হোৱা নাই। গঁড়ৰ এনেদৰে মুক্ত বিচৰণত আতংকিত হৈ পৰিছে মাজুলীবাসী (Majuli people terrified of Rhino) ।