ধুবুৰীত ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ - আটক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13216410-96-13216410-1632989357359.jpg)
ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । ইয়াৰ মাজতে ধুবুৰী চহৰৰ এ কে আজাদ ৰোডত বুধবাৰে নিশা অভিযান চলাই এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ধৃত যুৱকজনৰ পৰা তিনিটা কণ্টেইনাৰ ভৰ্তি সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে ধুবুৰী আৰক্ষীয়ে । ধৃত যুৱকজনৰ নাম ইনজামুল হক বুলি জানিব পৰা গৈছে । যুৱকজনৰ ঘৰ ধুবুৰীৰ এ এম কে ৰোডত । আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ধৃত যুৱকজনক ।