চাপৰত অব্যাহত আছে কৰ’ণাৰ আতংক - প্ৰগতি ভৱন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11741074-728-11741074-1620878729226.jpg)
অসমত মহামাৰী ক'ৰণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে প্ৰতিদিনে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ চাপৰতো কৰ’ণাৰ আতংক অব্যাহত আছে ৷ জানিব পৰা মতে, বিগত তিনি দিন ধৰি চাপৰত ভয়ানক হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ যোৱা তিনি দিন ধৰি চাপৰত পুনৰ ৪০ গৰাকী লোকৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ চাপৰ স্বাস্থ্য বিভাগে জনোৱা মতে, ৰেপিড এন্টিজেন পৰীক্ষাৰ ফলাফলত লোককেইজন কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷ আনহাতে, বুধবাৰে চাপৰ স্বাস্থ্য বিভাগে চাপৰৰ প্ৰগতি ভৱনত ৰেপিড এন্টিজেন পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে ৷ ইয়াত চাপৰ বজাৰৰ দোকানী সকলৰো ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷