হোজাইত ৰাষ্ট্ৰীয় বন মহোৎসৱ পালন
🎬 Watch Now: Feature Video
ৰাষ্ট্ৰীয় বন মহোৎসৱ সপ্তাহ (National Forest Week)ৰ সৈতে সংগতি ৰাখি হোজাই জিলা লংকা সাংবাদিক সন্থাৰ উদ্যোগত লংকা বন বিভাগ (Lanka Forest Department)ৰ সহযোগত মঙলবাৰে লংকাৰ হাৱাইপুৰ গোঁসাই গাঁৱৰ দুই কিল’মিটাৰ পথৰ দাঁতিত গছপুলি ৰোপণ (Tree Plantation) কৰা হয় । হোজাই বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে লংকা সাংবাদিক সন্থা আৰু স্থানীয় লোকসকল উপস্থিত থাকি গছপুলি ৰোপণ (Tree Plantation)ৰ জৰিয়তে ৭২ সংখ্যক ৰাষ্ট্ৰীয় বন মহোৎসৱ সপ্তাহ (National Forest Week) পালন কৰে । গছ থাকিলে মানুহ থাকিব, সেইবাবে গছপুলি ৰোপণ (Tree Plantation)ৰ জৰিয়তে আগন্তুক দিনত নতুন প্ৰজন্মই যাতে অক্সিজেনৰ অভাৱত পৰিব লগা নহয় তাৰ বাবে লংকা সাংবাদিক সন্থাই এই কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিয়ে ।