নামত খুচবু; পিছে কামত বিয়পিছে দুৰ্গন্ধ
🎬 Watch Now: Feature Video
বুধবাৰে দুপৰীয়ালৈকে নগাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত চলিছিল খুচবুৰ দপদপনি । ধন নিদিয়ালৈকে কোনো কামতেই হাত দিয়া নাছিল খুচবুৱে । কিন্তু বুধবাৰে খুচবুৰ চলিছিল শনিৰ দশা । কথাতেই কয় নহয়, এশ গৰু মাৰিলে বাঘৰো মৰণ । সেয়াই যেন হ'ল খুচবুৰ ক্ষেত্ৰত । নগাঁৱতে কৰ্মৰত নবীন বৰা নামৰ এইগৰাকী আৰক্ষী কনিষ্টবলে কেইবাদিন ধৰি দৌৰি আছিল নগাঁও কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ । বিশেষ সমস্যাত পৰি নবীন বৰাই উলিয়াব বিচাৰিছিল জি পি এফৰ ধন । ধন মোকলাই দিয়াৰ নামত আৰক্ষী কনিষ্টবলজনক কৰি আহিছিল হাৰাশাস্তি । অৱশেষত নবীন বৰাৰ পৰা উৎকোচ বিচাৰিলে খুচবু হাৰলালকা নামৰ এইগৰাকী মহিলা কৰ্মচাৰীয়ে ৷ নগাঁও আৰক্ষীতেই কৰ্মৰত আৰক্ষী কনিষ্টবল নবীন বৰাই বিষয়টো নগাঁও আৰক্ষীক অৱগত কৰে । কনিষ্টবলজনৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে কৌশলৰে অভিযান চলাই ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে কোষাগাৰৰ কৰ্মচাৰী খুচবু হাৰলালকাক । নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নিজে উপস্থিত থাকে গোচখোৰ কৰ্মচাৰী গৰাকী আটক কৰাৰ সময়ত ।