পিতৃৰ কি আশা আছিল: সাংবাদিকৰ আগত ক'লে গৌৰৱ গগৈয়ে

By

Published : Mar 16, 2021, 9:51 PM IST

Updated : Mar 16, 2021, 10:19 PM IST

thumbnail
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্বৰ্গগামী হোৱাৰ পাছত তিতাবৰ সমষ্টিত তেওঁ উত্তৰসূৰী কোন হ'ব তাক লৈ বহু জল্পনা-কল্পনা চলিছে । সকলো চৰ্চাৰ অৱসান ঘটাই কংগ্ৰেছ দলে তিতাবৰৰ স্থানীয় যুৱক ভাস্কৰজ্যোতি বৰুৱাক এইবাৰ টিকট দিলে । মৰাণত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বলৈ আহি সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয় যে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশা আছিল তেওঁ নিৰ্বাচন নেখেলিলে তিতাবৰত স্থানীয় যুৱক এজনে নিৰ্বাচন খেলিব । মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশাক বাস্তৱ ৰূপ দিবলৈ পুত্ৰ হিচাপে গৌৰৱ গগৈয়ে দলীয় নেতৃত্বক ভাস্কৰজ্যোতি বৰুৱাক টিকট দিবলৈ আহ্বান জনোৱা বুলিও কয় । লগতে তেওঁ কয় যে, ভাস্কৰজ্যোতি বৰুৱাক সমষ্টিৰ ৰাইজে আদৰি লৈছে আৰু তেওঁ জিকিব ।
Last Updated : Mar 16, 2021, 10:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.