74বছৰ গৰকিলে মৰিগাঁও বাৰোৱাৰী দূৰ্গাপূজাই - আগন্তুক বৰ্ষত বাৰোৱাৰী মন্দিৰৰ পূজাই উদযাপন কৰিব মহাৰজত জয়ন্তী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4679216-thumbnail-3x2-m.jpg)
আজি মহানৱমী ৷ মহানৱমীৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা মন্দপত ভক্তৰ লানি নিচিগা ভিৰ ৷ পুৰোহিতৰ মংগল মন্ত্ৰোচাৰণ আৰু ঢাক-ঢোলৰ ছন্দত মুখৰ হৈ পৰিছে নৱমী পূজাৰ বেদী ৷ ব্যতিক্ৰম নহয় মৰিগাঁও বাৰোৱাৰী পূজা মন্দিৰ ৷ মৰিগাঁও চহৰৰ মাজমজিয়াৰ এইভাগ পূজাই ইতিমধ্যে সুদীৰ্ঘ 74টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে ৷ আগন্তুক বৰ্ষত বাৰোৱাৰী মন্দিৰৰ পূজাই উদযাপন কৰিব মহাৰজত জয়ন্তী ৷ সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰে পূজা উদযাপন সমিতিৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই ৷