thumbnail

লাভলীনা বৰগোঁহাইলৈ মন্ত্ৰী-বিধায়কৰ শুভেচ্ছা

By

Published : Jul 21, 2021, 11:55 AM IST

বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি জাপানৰ টকিঅ'ত উপস্থিত হৈছে অসমৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই (Lovelina Borgohain) ৷ বক্সাৰ লাভলীনা (Boxer Lovelina Borgohain)ক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে গুৱাহাটী লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)সহ অসম বিধানসভা (Assam Legislative Assembly)ৰ মন্ত্ৰী আৰু বিধায়কে উলিয়াই এক চাইকেল ৰেলী ৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে ৷ ৰেলীত অংশগ্ৰহণ কৰা সকলোৱে টকিঅ' অলিম্পিক (Tokyo Olympic)ত লাভলীনাই চমপ্ৰদক প্ৰদৰ্শন আগবঢ়াব বুলি আশা ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.