thumbnail

By

Published : Jan 22, 2020, 10:32 PM IST

ETV Bharat / Videos

বৰপথাৰত ক'লা পতাকাৰ সন্মুখীন মন্ত্ৰী পীযুষ হাজৰিকা

ধনশিৰি মহকুমাৰ বৰপথাৰত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকাসহ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰণৱজ্যোতি লহকৰ ৷ মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়তে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই পীযুষৰ কনভয়ক ক'লা পতাকা প্ৰদৰ্শন কৰে ৷ অহা ২৪ জানুৱাৰীত বোকাখাতত আয়োজন কৰা বিজেপিৰ শান্তি সমদলৰ সম্পৰ্কে আলোচনা কৰিবৰ বাবে বৰপথাৰ ৰাজহুৱা ৰংগমঞ্চত দলীয় সভাত অংশ লবলৈ আহিছিল মন্ত্ৰীসহ দলটোৰ কাৰ্যকৰ্তা ৷ বৰপথাৰ হস্পিটেল তিনিআলিত আছুৱে কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে যদিও মন্ত্ৰীগৰাকী আৰু পালিনেতা সকলে প্ৰতিবাদক কৃষ্ণ কৃষ্ণ কৰি কিছু ইতিকিং সূচক মন্তব্য কৰি যায় ৷ যাৰ বাবে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে আছুৱে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.