সৰ্বানন্দ সোণোৱালৰ জন্মভূমিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা - সৰ্বানন্দ সোণোৱালৰ জন্মভূমি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 18, 2021, 5:54 PM IST

ডিব্ৰুগড়ৰ চাবুৱাত ধাৰবাহিক কাৰ্যসূচী কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ (Minister Pijush Hazarika in Dibrugarh) । শুকুৰবাৰে ৰহমৰীয়াত কেইবা কোটি টকাৰে গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা উন্মোচন কৰাৰ পাছতে পুনৰ শনিবাৰে মন্ত্ৰীগৰাকী উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা গাঁও বিন্ধাকটা মুলুক গাঁৱত । উদ্বোধন কৰিলে গৰাখহনীয়া ৰোধৰ আঠখনকৈ আঁচনিৰ কামৰ আধাৰশিলা । প্ৰায় ৭৩ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হ'বলগীয়া এই আঁচনিসমূহে ব্ৰহ্মপুত্ৰ পাৰৰ ডিব্ৰুগড় জিলাৰ এক বৃহৎ অঞ্চলৰ সুৰক্ষা প্ৰদান কৰিব বুলি মন্তব্য প্ৰকাশ কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই । এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সন্মানীয় বিধায়কদ্বয় তৰংগ গগৈ আৰু পোনাকণ বৰুৱা, সাংসদ প্ৰদান বৰুৱা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত তথা জলসম্পদ বিভাগৰ অভিযন্তা সকল আৰু অন্যান্য বিষয়াসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.