thumbnail

By

Published : Nov 10, 2021, 10:31 PM IST

ETV Bharat / Videos

বোকাখাতৰ ষট পূজাস্থলীত মন্ত্ৰী অতুল বৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাখাততো বুধবাৰে বিহাৰী সম্প্ৰদায়ৰ লোকে ষট পূজাৰ আয়োজন কৰে । বোকাখাতৰ মৰিধনশিৰি ষট পূজাৰ ঘাটত আয়োজন কৰা হয় ষট পূজাৰ । বিয়লি পাদ্য অৰ্ঘ লৈ নদীৰ পাৰত উপস্থিত হ’ব ব্ৰতধাৰী ভক্তসকল । তাৰ পাছত নদীৰ পানীত নামি সূৰ্য দেৱতাক আৰাধানা কৰিব ভক্তসকলে । আনহাতে বৃহস্পতিবাৰে ঢল পুৱাতে পুনৰ সূৰ্য দেৱতাক পূজা কৰি ব্ৰত ভাঙিব । ইতিমধ্যে নদীৰ পাৰত সূৰ্য দেৱতাৰ অস্থায়ী মন্দিৰ স্থাপন কৰা হৈছে । ইফালে এই ষট পূজা ঘাটত বোকাখাতৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা উপস্থিত হৈ পূজাত অংশগ্ৰহণ কৰি সকলোকে ষট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.