thumbnail

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰলৈ স্মাৰক পত্ৰ প্ৰদান

By

Published : Jul 4, 2021, 9:19 AM IST

মাইক্ৰ'ফাইনেন্স (Microfinance) কোম্পানীৰে চৰকাৰৰ গোপন বুজাবুজি থকাৰ সন্দেহ কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ সন্থাই শনিবাৰে এই সন্দৰ্ভত নগাঁও জিলাৰ উপায়ুক্ত (Deputy Commissioner)ৰ জৰিয়তে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ (Governor of Reserve bank of India) লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ গ্ৰামীণ শ্ৰমিক সন্থাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarmah)ই সকলো মহিলাকে মাইক্ৰ'ফাইনেন্স (Microfinance)ৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতাৰ গাদী দখল কৰাৰ পাছত এতিয়া ঋণমুক্তিৰ বিষয়টো আঁভূৱা ভাৰি দীঘলীয়া কৰি লৈ যোৱাৰ অভিযোগ কৰে ৷ সন্থাই লগতে ক’ভিড (Covid 19) সৃষ্ট পৰিৱেশৰ মাজতো মাইক্ৰ'ফাইনেন্স (Microfinance) কোম্পানীসমূহেও ঋণগ্ৰস্ত মহিলাসকলৰ পৰা ঋণৰ কিস্তি আদায়ৰ নামত দৈনন্দিন জুলুম কৰাৰ কথা উল্লেখ কৰে ৷ এনে সময়তে চৰকাৰে মাইক্ৰ'ফাইনেন্স (Microfinance) কোম্পানীসমূহে ৰিৰ্জাভ বেংক (Reserve bank of India)ৰ নিৰ্দেশনা ভংগ কৰা বুলি স্বীকাৰ কৰাৰ পাছতো সেই কোম্পানীসমূহক ব্লেক লিষ্টেড (Blacklisted) নকৰাত সন্থাই উক্ত মাইক্ৰ'ফাইনেন্স (Microfinance) কোম্পানীসমূহৰ লগত চৰকাৰৰ গোপন বুজা-বুজি হোৱাৰ সন্দেহ কৰিছে ৷ সংগঠনটোৱে চৰকাৰক এনে মাইক্ৰ'ফাইনেন্স (Microfinance) কোম্পানীসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰা আৰু মাইক্ৰ'ফাইনেন্স (Microfinance) কোম্পানীসমূহৰ সুদৰ হাৰ নিম্নতম কৰিবলৈ দাবী উত্থাপন কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.