সাৱধান: কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন - উপায়ুক্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12445162-thumbnail-3x2-b.jpg)
ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ সাতখন জিলাত সম্পূৰ্ণ লকডাউন (full lockdown) ঘোষণা কৰিছে চৰকাৰে ৷ ইতিমধ্যে জিলা কেইখনত বলৱৎ কৰা হৈছে কঠোৰ নীতি-নিৰ্দেশনা ৷ ইয়াৰ পাছতো ক'ভিডৰ নীতি-নিয়ম উলংঘা কৰা একাংশৰ বিৰুদ্ধে মঙলবাৰে বিশ্বনাথ জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইফালে কৰ'ণা সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিশ্বনাথ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে এক ৰেলী উলিয়াইছে ৷ ইফালে লকডাউনৰ সময়চোৱাত ঔষধ আৰু দুগ্ধজাত সামগ্ৰীৰ বাহিৰে সকলো দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ৷ অৱশ্যে, প্ৰয়োজন সাপেক্ষে হোম ডেলিভাৰী ব্যৱস্থাও কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয় সদৰি কৰিছে ৷ ইয়াৰ লগতে বেংকসমূহ পুৱা ৯ বজাৰ পৰা ১২ বজালৈকে খোলা থাকিব । জিলা প্ৰশাসনে জাৰি কৰা এক জাননী যোগে এই নিৰ্দেশাৱলী অৱগত কৰিছে । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশাৱলী বাহাল থাকিব বুলি জিলা প্ৰশাসনে সদৰি কৰিছে ।