thumbnail

PM Swayam Nidhi Scheme : শিৱসাগৰত পদপথৰ ব্যৱসায়ীলৈ ১০ হাজাৰ টকাৰ ঋণ

By

Published : Dec 14, 2021, 8:40 AM IST

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ হিতৰ বাবে নিতৌ ন ন সুবিধা আগবঢ়াই আহিছে ৷ তাৰ ভিতৰত প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি (PM Swayam Nidhi Scheme) অন্যতম ৷ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পদপথৰ ব্যৱসায়ীসকলক সকাহ দিবলৈ বিগত সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে এই স্ব-নিধি আঁচনিৰ জৰিয়তে 7 শতাংশ সুদৰ হাৰত 10 হেজাৰকৈ টকা দিয়াৰ ঘোষণা কৰিছিল । সোমবাৰে শিৱসাগৰৰ পৌৰসভাৰ অন্তৰ্গত 300 জন পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ এই আঁচনিৰ অধীনত আগবঢ়োৱা হয় 10 হেজাৰ টকাকৈ ঋণ(loan distribution to pedestrian trader at sivsagar) ৷ সম্প্ৰতি এই আঁচনিৰ অধীনত শিৱসাগৰৰ সৰ্বমুঠ 775 গৰাকী হিতাধিকাৰী নিৰ্বাচিত হৈছে ৷ ইয়াৰে মাত্ৰ 350 গৰাকী হিতাধিকাৰীকহে এই অনুষ্ঠানত ঋণ প্ৰদান কৰা হৈছে ৷ বাকী ৰৈ যোৱা হিতাধিকাৰীসকলক 17 আৰু 22 ডিচেম্বৰত ঋণ প্ৰদান কৰা হ'ব ৷ উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিস্থিতিত ৰাজ্যৰ পদপথৰ চাৰি লাখ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এইসকল ব্যৱসায়ীক ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে ।সেয়ে পদপথৰ ব্যৱসায়ীসকলক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এই প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি (PM Swayam Nidhi Scheme) আৰম্ভ কৰিছিল ৷ যদিও বিভিন্ন কাৰণত ঋণৰ বাবে আবেদন কৰা একাংশ ব্যৱসায়ীয়ে ঋণ লাভ কৰা নাছিল ৷ সেয়ে এই অনুষ্ঠানত ঋণৰ বাবে আবেদন কৰা বিভিন্ন বেংকৰ প্ৰতিনিধিৰ উপস্থিতিত ঋণ প্ৰদানৰ জটিলতাসমূহ শেষ কৰি পদপথৰ ঋণ আবেদনকাৰীসকলক তৎকালীনভাৱে ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.