যোৰহাটক ৭ দিনৰ বাবে কন্টেইনমেন্ট জিলা ঘোষণা - containment zone
🎬 Watch Now: Feature Video
মঙলবাৰে ঘোষণা হ’ল ক’ভিৰ নতুন নীতি-নিৰ্দেশনা (SOP) ৷ নতুন নীতি-নিৰ্দেশনা (SOP) অনুসৰি, কেইবা খনো জিলাৰ সান্ধ্য আইনৰ সময়সীমা সাল-সলনি কৰা হৈছে ৷ কেইবাখনো জিলাক কন্টেইনমেন্ট জিলা(Containment District) হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ অৰ্থাৎ নতুনকৈ 7 খন জিলাত ২৪ ঘন্টাই সান্ধ্য আইন বলবৎ হৈ থাকিব ৷ পূৰ্বে লক ডাউন বলবৎ থকা তিনি জিলাত অত্যাৱশ্যকীয় সেৱাসমূহৰ লগতে গেলামাল দোকান, পাচলিৰ দোকান, ফল-মূলৰ দোকান, গাখীৰ দোকানৰ লগতে পশু খাদ্যৰ দোকান সমূহ বিয়লি ৫ বজালৈকে ক’ভিড নিয়ম মানি খোলা ৰাখিব পাৰিব ৷ লগতে চাহ বাগিছা আৰু ফেক্টৰী সমূহ খোলা থাকিব ৷ এই ঘোষণা ৰাজ্য চৰকাৰৰ ৷ আনহাতে, এই লক ডাউন যাতে পুনৰ বৃদ্ধি নহয় তাৰ বাবে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৰাইজক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে ।