মৰাণ মহাবিদ্যালয়ত ভোটদান মন্ত্ৰী যোগেন মহনৰ

🎬 Watch Now: Feature Video

thumbnail
আজি ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী যোগেন মহনে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ মৰাণ মহাবিদ্যালয়ৰ ৪৩ নং কেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী গৰাকীয়ে । সম্পূৰ্ণ ক'ভিড প্ৰটকল পালন কৰি পৰিচালিত হোৱা ভোট কেন্দ্ৰটোত ভোটাৰ ৰাইজে পুৱাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হয় । ভোট দান কৰি প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকৰ আগত কয়, ভোটাৰ ৰাইজ পুৱাই ওলাই আহিছে । ই গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ । ৰাজ্যৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত ৰাইজে ভোট দিব । লগতে মাহমৰাৰ ৰাইজে উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব আৰু পুনৰ বিজেপি চৰকাৰ হ'ব বুলি প্ৰাৰ্থী গৰাকীয়ে উল্লেখ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.