thumbnail

By

Published : Jun 21, 2021, 8:08 PM IST

ETV Bharat / Videos

শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি শিৱসাগৰত জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় । শিৱসাগৰ জিলা প্ৰশাসনৰ ষ্টাফ ক্লাবত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে যোগাসন কৰা বহু লোক তথা ছাত্র-ছাত্ৰীয়ে এই দিৱসত সমজুৱা যোগাভ্যাস কৰে । শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই উদ্বোধন কৰা যোগ শিবিৰত শিৱসাগৰৰ বহু কেইজন যোগ সাধকে যোগাসন কাৰ্যসূচী আগবঢ়াই নিয়ে । জনজীৱনৰ চিন্তা-উদ্বেগ আদি প্ৰশমিত কৰি এক নিৰোগী সমাজ গঠনৰ অৰ্থে আজিৰ পৰা সাত বছৰৰ আগত পোনপ্ৰথমে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছিল । ভাৰতৰ আধ্যাত্মিক চিন্তাৰে পৰিপূৰ্ণ এই যোগ শৈলীক আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ আগুৱাই নিয়াৰ লগতে জন সাধাৰণক যোগাসনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভাৰত চৰকাৰৰ আহ্বানত এই দিৱস উদযাপন কৰি অহা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.