thumbnail

By

Published : Jun 4, 2019, 11:44 PM IST

ETV Bharat / Videos

আকাশত দেখা পোৱা গ'ল চন্দ্ৰমা, কাইলৈ পবিত্ৰ ঈদ

কাইলৈ অৰ্থাৎ বুধবাৰে ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ এমাহ জোৰা ৰোজা ৰখাৰ পিছত আৰম্ভ হয় পবিত্ৰ ঈদ উল ফিতৰ ৷ পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে গোৱালপাৰা আৰু গুৱাহাটীতো দেখা গ'ল ব্যাপক উচাহ ৷ গোৱালপাৰা চহৰৰ বিভিন্ন ঠাইত ৰাস্তাৰ দুয়োকাষে বিভিন্ন ৰঙীন লাইটেৰে উজ্জ্বল কৰি তুলিছে ৰাজপথ সমূহ। ইছলাম ধৰ্মী লোকসকলে ভাতৃত্ববোধ বজাই ৰাখিবলৈ বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক নিমন্ত্ৰণ জনায় এই পবিত্ৰ ঈদ উল ফিতৰলৈ । গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ঈদৰ বিশেষ আয়োজন। সমূহীয়া নামাজৰ বাবে মছজিদ, ঈদগাহ ময়দানসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.