thumbnail

By

Published : Sep 15, 2021, 6:29 PM IST

ETV Bharat / Videos

বৰভূইকঁপৰ ইতিহাস বিজড়িত এখন গৰখীয়া থান

ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ জকাই গৰখীয়া থানত গৰখীয়া সবাহ। বিগত বৰ্ষৰ দৰে এইবাৰো ক'ভিড প্ৰট'কলৰ মাজেৰে আয়োজন কৰা হৈছে গৰখীয়া সবাহ । জকাই বন কৈৱৰ্ত গাঁৱৰ এৰাসু‍ঁতি নৈৰ পাৰত শ্ৰীকৃষ্ণৰ গৰখীয়া থানত অগণন ভক্তৰ উপস্থিতিত অনুষ্ঠিত হয় গৰখীয়া সবাহ । ১৯৫১ চনৰ পৰা উদযাপন কৰি অহা এই সবাহৰ আছে বিশেষ তাৎপৰ্য । বৰভূঁইকপৰ সময়ত গৰু চৰাবলৈ অহা গৰখীয়াসকলে গৰখীয়া সবাহ পাতি ভোজ-ভাত খাইছিল । সেই দিন ধৰি আজি পৰ্যন্তলৈকে প্ৰতি বছৰে পবিত্ৰ ভাদ মাহত এই সবাহ অনুষ্ঠিত কৰাৰ কথা উদ্যোক্তাসকলে জানিবলৈ দিছে । ইফালে, এই গৰখীয়া সবাহৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে এখনি ভাওনা আৰু নাম কীৰ্তনৰো আয়োজন কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.