দালাল মুনিন্দ্ৰ দাসৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষৰ গোচৰ ৰুজু - GMCH authorities file case against fraud Munindra Das
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13230559-thumbnail-3x2-p1.jpg)
দালালৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা চৰকাৰ কঠোৰ হোৱাৰ পাচতো ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অব্যাহত আছে দালালৰাজ ৷ শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেফাৰেল চাৰ্টিফিকেট উলিয়াই দিয়াই নামত দালালি কৰা মুনিন্দ্ৰ দাসৰ জালিয়াতি পোহৰলৈ অহাত মুনিন্দ্ৰ দাসৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে GMCH কৰ্তৃপক্ষই ৷ এজন অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্ত্ৰাৰ মেডিক্লেইমৰ বাবে প্ৰয়োজনীয় ৰেফাৰেল চাৰ্টিফিকেট উলিয়াই দিয়াৰ নামত দীৰ্ঘদিনৰ পৰা ধন আত্মসাৎ কৰি আহিছিল দালাল মুনিন্দ্ৰ দাসে ৷ গোৱালপাৰা জিলাৰ লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত কৰুণাকান্ত মেচ নামৰ ব্যক্তিজন 2018 চনত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ যাৰ বাবে 2019 চনত তেওঁ ভলন্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছিল ৷ পৰৱৰ্তী সময়ত সমগ্ৰ চিকিৎসাত ব্যয় হোৱা অৰ্থৰ বাবে আবেদন কৰিছিল কৰুণাকান্ত মেচে ৷ উক্ত আবেদন কৰা মুঠ ধনৰ পৰিমাণ আছিল 7 লাখ 90 হাজাৰ টকা ৷ কিন্তু ইয়াৰ মাজতে মুনিন্দ্ৰ দাসে সমগ্ৰ কামৰ বিনিময়ত reimbursement ৰ আধা টকা বিচাৰে ৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল কিন্তু তিনিবছৰ উকলি যোৱাৰ পাছতো Reimbursement ৰ ধন নোসোমাৱাত সন্দেহ ওপজাত কৰুণা কান্ত মেচৰ পৰিয়ালৰ লোকে GMCH ত খবৰ লওঁতেই সমগ্ৰ তথ্য পোহৰলৈ আহে ৷ GMCH কৰ্তৃপক্ষই ইতিমধ্যে দালাল মুনিন্দ্ৰ দাসৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷