বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
🎬 Watch Now: Feature Video
বিশ্বনাথ মহকুমা আবকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান । শুকুৰবাৰে দিনৰ প্ৰায় 3 বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী এখন বাঁহ ভৰ্তি ট্ৰাকত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা কঢ়িয়াই অনাৰ তথ্য লাভ কৰিছিল আবকাৰী বিভাগে । এই তথ্যৰ ভিত্তিত বিভাগৰ এটা দলে বাঘমাৰী ভাৰত পেট্ৰ’ল ডিপোৰ সন্মুখত এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ য'ত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা । আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৃহস্পতিবাৰে নিশা ট্ৰাকখনত সুৰা থকাৰ তথ্য লাভ কৰিছিল, যদিও নিশা হঠাৎ ৰাজপথৰ পৰা নোহোৱা হয় ট্ৰাকখন । পাচত সন্দেহবশতঃ বিশ্বনাথৰ বাঘমাৰীৰ পেট্ৰ’ল ডিপোসমূহত অভিযান চলাই আবকাৰী বিভাগে । উল্লেখ্য যে, বাঁহৰ মাজত এই সুৰাসমূহ লুকুৱাই অনা হৈছিল । এই অভিযানত উপস্থিত থাকে বিশ্বনাথ মহকুমা আবকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা, বিশ্বনাথ মহকুমা আবকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰা ৷