অবৈধ বেদখলৰ বিৰুদ্ধে অব্যাহত থ‍াকিব উচ্ছেদ : মুখ্যমন্ত্ৰী - ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 2, 2021, 8:52 PM IST

উচ্ছেদ বন্ধ নহয় । অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিবই । এই সকিয়নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি উচ্ছেদ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । ড৹ শৰ্মাই কয় যে, 'বাঘবৰ, জনীয়া আদিত মাটিৰ চাৰ্ভে কৰা হ'ব । শীঘ্ৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ'ব । এই ঠাইসমূহত চৰকাৰী বহু ভূমি আছে । খহনীয়াৰ নাম লৈ লামডিঙত আশ্ৰয় ল'লে নহ'ব । মাতব্বৰে বহু ভূমি নিজৰ দখলত ৰাখিছে । মাটিৰ চাৰ্ভে হ'লে এই মাতব্বৰ আৰু মহাজনসকল নোহোৱা হ'ব । দৰিদ্ৰ ৰাইজে লাভ কৰিব ভূমি । তেওঁ লগতে কয় যে, লামডিঙত তিনিজন আদা বেপাৰীয়ে আদা খেতি কৰিবৰ বাবে দুখীয়া মানুহখিনিক তালৈ লৈ গৈছে । মাতব্বৰ আৰু মহাজন ব্যৱস্থা নোহোৱা কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰি কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.