বঙাইগাঁৱৰ মাণিকপুৰত গৰাখহনীয়াৰ কালৰূপ - গৰাখহনীয়াৰ কৱলত পৰিছে জিলাখনৰ বিভিন্ন অঞ্চল
🎬 Watch Now: Feature Video
অসমৰ জনসাধাৰণ সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে গৰাখহনীয়াৰ সমস্যা । বছৰি লাখ লাখ লোক গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈ আহিছে । বাকী জিলাসমূহৰ লগতে বঙাইগাঁও জিলাৰো বিভিন্ন অঞ্চলৰ লোকৰ প্ৰধান সমস্যা হৈছে এই গৰাখহনীয়া সমস্যা । প্ৰতিবছৰৰ দৰে এইবাৰো গৰাখহনীয়াৰ কৱলত পৰিছে জিলাখনৰ বিভিন্ন অঞ্চল । শেহতীয়াকৈ জিলাখনৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত বাশবাৰীত আই নদীৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে । যাৰ বাবে মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাশবাৰী গাঁৱৰ শ শ লোকৰ টোপনি নাইকীয়া হৈছে । আই নদীৰ গৰাখহনীয়াত শ শ বিঘা কৃষিভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ জাহ গৈছে । গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হৈছে বহু লোক । গৰাখহনীয়াত শস্যবোৰ নষ্ট হোৱাত ঘৰৰ গৰু-ছাগলী আদিক সেইবোৰ কাটি খুৱাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে । ইমানৰ পাছতো কিন্তু চৰকাৰ তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে ভুক্তভোগী লোকসকল ।