চিমেন নৈয়ে কঢ়িয়াইছে ভাবুকি ...

By

Published : Jul 18, 2019, 11:02 AM IST

thumbnail
ধেমাজি, ১৮ জুলাই: ৰাজ্যত বানৰ বিভীষিকাৰ সমান্তৰালকৈ গৰাখহনীয়াইও কঢ়িয়াইছে তীব্ৰ ভাবুকি। ধেমাজি জিলাৰ জোনাই মহকুমাৰ আন এখন খৰস্ৰোতা নৈ চিমেনে বাৰিষা কালত ৰুদ্ৰমুৰ্তি ধাৰণ কৰা পৰিলক্ষিত হৈছে । চিমেনৰ বুকুত জাহ গৈছে অঞ্চলটোৰ বহু হেক্টৰ কৃষি ভূমিৰ আৰু লগতে ৰাইজৰ ঘৰ- বাৰী । প্ৰৱল বৃষ্টিপাতৰ ফলত এসপ্তাহতে চিমেন নৈয়ে খহাই নিলে কৃষিভূমি। বিশেষকৈ নৈখনৰ পাশ্বৱৰ্তী গাওঁসমূহৰ ঘৰ , বাৰী আৰু কৃষিভূমি নি:শেষ হোৱাৰ লগতে চমকং পঞ্চায়ত আৰু চিমেন মুখ পঞ্চায়তৰ বৃহত্তৰ অঞ্চলটোলৈও নৈখনে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি । আপোন ঘৰ খন খহনীয়াত জাহ যোৱাৰ আতংকত গঞাই গছ কাটি , বাঁহ বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও বৈজ্ঞানিক পদ্ধতিৰে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহন নকৰিলে অচিৰেই নিশ্চিহ্ন হ'ব নৈখনৰ পাশ্বৱৰ্তী বৃহত্তৰ অঞ্চলটোৰ ভূমি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.