গুৱাহাটী-শিলঘাট অভিমুখী ৰে’লৰ খুন্দাত মৃত্যু হাতী পোৱালিৰ - গুৱাহাটী শিলঘাট অভিমুখি ৰে’ল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 2, 2022, 9:42 PM IST

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত শিঙিয়া ফুকনখাটৰ ৰে’ল পথৰ কাষত নৱবৰ্ষৰ পহিলা দিনটোতে সংঘটিত হয় এক কৰুণ দুৰ্ঘটনা ৷ নিশা গুৱাহাটী-শিলঘাট অভিমুখি যাত্ৰীবাহী দ্ৰুত বেগী ৰে’লে মহতিয়াই নিয়ে এটা বন্যহস্তীক (Elephant died at samaguri) । খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ এটা দলে দীৰ্ঘদিন ধৰি চামগুৰি বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছিল যদিও দুৰ্ঘটনাত পতিত হৈ হাতীটো মৃত্যু হোৱা খবৰটো সহজে মানি ল’ব পৰা নাই অঞ্চলবাসীয়ে ৷ ৰাইজৰ অভিযোগ, বন বিভাগে বন্য হাতীকেইটাৰ পৰা বৃহত্তৰ অঞ্চলবাসীক সুৰক্ষা দিব পৰা নাই ৷ ইফালে বনকৰ্মীৰ অভিযোগ, বন্যহস্তীৰ বিচৰণ স্থানসমূহত গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ কোৱাৰ পাছতো কোনোৱে গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ ফলত সংঘটিত হয় এনে দুৰ্ঘটনা ৷ আনহাতে, কিছু সংখ্যক স্থানীয় ৰাইজৰ সন্দেহ, ঘন কুঁৱলীৰ বাবেই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে ৷ উল্লেখ্য যে, নিশাৰ আন্ধাৰৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা হাতীটো মৰণোত্তৰ পৰীক্ষা কৰি তাৎক্ষণিকভাৱে সমাধিস্থ কৰা নহ’ল ৷ পৰৱৰ্তী সময়ত WWF ৰ এটা দল ঘটনা স্থলীত উপস্থিত হোৱাৰ পাচত চামগুৰি আৰু পুৰণিগুদামৰ পশু চিকিৎসালয়ৰ যৌথ সহযোগত মৰণোত্তৰ পৰীক্ষা কৰি ঘটনা সংঘটিত হোৱা স্থানতে মৃত হাতীটোক সমাধিস্থ কৰে বনবিভাগে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.