ন্যায়ালয়ৰ নিৰ্দেশ অমান্য : পৰম্পৰা ৰক্ষা কৰি কামপুৰত অনুষ্ঠিত ম'হ যুঁজ - traditional buffalo fights is organise in kampur
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14195151-thumbnail-3x2-a.jpg)
মাঘৰ পহিলা দিনটোতে ন্যায়ালয়ৰ বাধাৰ পাছতো পৰম্পৰা ৰক্ষা কৰি কামপুৰত অনুষ্ঠিত হ'ল ম'হ যুঁজ (traditional buffalo fights is organise in Kampur) ৷ কৰ’ণা পৰিস্থিতিৰ বাবে ঐতিহাসিক আঁহতগুৰিত এইবাৰ ম'হযুঁজ অনুষ্ঠিত নহ'ল, যদিও পৰম্পৰা ৰক্ষা কৰিলে কামপুৰবাসীয়ে ৷ ভোগালী বিহুৰ লগত সংগতি ৰাখি কামপুৰৰ গোৱাল আৰু ম'হৰ মালিকসকলে অনুষ্ঠিত কৰে এই যুঁজ ৷ বিগত বহুবছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম'হ যুঁজ অনুষ্ঠিত হৈ আহিছে দক্ষিণ কামপুৰ পথাৰত ৷ উল্লেখ্য যে, বাৰিষা দলঘাঁহ খোৱাৰ পাছত মাঘ মাহত ম'হৰ শিঙত যি পোকৰ সৃষ্টি হয়, তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই গোৱালসকলে পূৰ্বৰে পৰা অনুষ্ঠিত কৰি আহিছে ম'হ যুঁজ (traditional buffalo fight) ৷