শিক্ষাৰ্থীৰ ওপৰত ক'ভিড পৰিস্থিতিৰ প্ৰভাৱ : কি কয় মনোৰোগ বিশেষজ্ঞই ? - ছাত্র-ছাত্রীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 21, 2021, 11:00 PM IST

বিগত বৰ্ষৰ বেছিভাগ সময় ক'ভিডৰ আতংক আৰু লকডাউনৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ আছিল । এক দিঘলীয়া সময় শিক্ষাৰ্থীসকলে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল । এইবাৰো পুনৰ ক'ভিডৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰাত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে । এক অনিশ্চয়তাৰ মাজত শিক্ষাৰ্থীসকলে নিজৰ অধ্যয়ন আগুৱাই নিব লগা হৈছে । অনাগত দিনত পৰিস্থিতি কি হ'ব তাৰ কোনো নিশ্চয়তা নাই । এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ মানসিকতাত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ কণ কণ ছাত্র-ছাত্রীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধাৰ সৃষ্টি হৈছে । নিয়মীয়া পাঠদান আৰু লগৰীয়াৰ সৈতে খেলা-ধূলা কৰিব নোৱাৰি ঘৰতে আৱদ্ধ হৈ থাকিব লগা হোৱা বাবে শিক্ষাৰ্থীসকলৰ ব্যৱহাৰত বহু নেতিবাচক পৰিবৰ্ত্তন আহিছে । অতি গুৰুত্বপূৰ্ণ এই প্ৰসংগত ইটিভি ভাৰতৰ তৰফৰ পৰা বিশিষ্ট মনোৰোগ বিশেষজ্ঞ তথা গুৱাহাটীৰ হায়াত হাস্পতাল চিকিৎসক ডাঃ সঞ্জয় সিঙৰ আছুতীয়া  সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত ডাঃ সিঙে সাম্প্ৰতিক ক'ভিড পৰিস্থিতিত শিক্ষাৰ্থীসকলে ভোগ কৰা সমস্যাৰ লগতে অভিভাবকসকলে ল'ব লগা সাৱধানতা সম্পৰ্কে উল্লেখ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.