ETV Bharat / state

সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত যোৰহাটত প্ৰতিবাদ - JORHAT PRESS CLUB PROTEST

গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ সময়তে আৰক্ষীৰ কন্দুৱা গেছত অসুস্থ সাংবাদিক । ঘটনাক তীব্ৰ গৰিহণা যোৰহাট প্ৰেছ ক্লাবৰ ।

Guwahati Congress Protest Tragedy
সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত যোৰহাটত প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 9:31 PM IST

যোৰহাট: অসম আৰক্ষী তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী । কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ কন্দুৱা গেছৰ ফলত সাংবাদিক অসুস্থ হোৱা ঘটনাৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ সাংবাদিকসকল । যোৰহাট প্ৰেছ ক্লাবত সাংবাদিক তথা বিভিন্ন সংগঠনৰ মৌন প্ৰতিবাদ ।

কি আছিল ঘটনা ?

গুৱাহাটীত কংগ্ৰেছ দলে বুধবাৰে 'ৰাজভৱন চলো' শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । সেই প্ৰতিবাদৰ সময়তে অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যু হৈছিল । ইফালে প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱাও দেখা গৈছিল । প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল । ইফালে আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰ ফলত প্ৰতিবাদস্থলীতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল কেইবাগৰাকী সাংবাদিক তথা সংবাদকৰ্মী । আৰক্ষীয়ে যিধৰণে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল তাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সাংবাদিকৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত যোৰহাটত প্ৰতিবাদ (ETV Bharat)

ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ

ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক আৰু সংবাদ সংস্থাসমূহে বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । বুধবাৰৰ আৰক্ষীৰ বৰ্বৰ আক্ৰমণক গৰিহণা দিছে অসমৰ সাংবাদিক মহলে । বিভিন্ন জিলাৰ প্ৰেছ ক্লাবৰ লগতে যোৰহাট প্ৰেছ ক্লাবতো ক'লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে । বুধবাৰৰ ঘটনাক যোৰহাট প্ৰেছ ক্লাবৰ সাংবাদিকসকলে গৰিহণা দিছে । লগতে অসম আৰক্ষীৰ পদক্ষেপক গৰিহণা দিছে । সাংবাদিক নিগ্ৰহৰ ঘটনা বন্ধ কৰাৰ লগতে সংবাদ পৰিৱেশনৰ বাবে এক সুস্থ পৰিৱেশৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে সাংবাদিকসকলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলা প্ৰেছ ক্লাবৰ সম্পাদক পৰমানন্দ বৰাই অংশগ্ৰহণ কৰি কয়, "বৰ্তমান সময়ত গণতন্ত্ৰ অসুস্থ হৈ পৰিছে । এই ঘটনাই সেয়া প্ৰমাণিত কৰিছে । সেয়ে সাংবাদিকসকলৰ বাবে সংবাদ পৰিৱেশনৰ সুস্থ পৰিৱেশ দিবলৈ চৰকাৰক আহ্বান জনাইছো । লগতে এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অসম আৰক্ষীক ইয়াৰ পৰাই সকীয়াই দিছো ।" এই প্ৰতিবাদত জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত, দিগন্ত বুঢ়াগোঁহাইৰ লগতে জিলাখনৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকল উপস্থিত থাকে ।

ইয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । সংগঠনটোৱে অসম চৰকাৰ আৰু অসম আৰক্ষীক তীব্ৰ গৰিহণা দিয়ে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতাই কয়, "সাংবাদিকসকলক বাতৰি সংগ্ৰহৰ বাবে যাওতে কোনো কাৰণতে যেন চৰকাৰে হাৰাশাস্তি প্ৰদান নকৰে আমি সকীয়াই দিছো । যদি তেনে হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব ।"

লগতে পঢ়ক :মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - CONGRESS WORKER MRIDUL ISLAM DEATH

কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ? - GUWAHATI CONGRESS PROTEST TRAGEDY

আৰক্ষীৰ কন্দুৱা গেছত অধিবক্তাৰ মৃত্যু: প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল - GUWAHATI CONGRESS PROTEST TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.