Cockfight as a tradition : মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড়ৰ বকুলত অনুষ্ঠিত হ'ল কুকুৰা যুঁজ - Cockfight as a tradition
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14197149-thumbnail-3x2-snhcskj.jpg)
যান্ত্ৰিকতা আৰু কৰ্ম ব্যস্ততাৰ দোমোজাৰ পৰা ওলাই আহি ক্ৰমাৎ আমোদৰ খোৰাক লোৱাত যেন এইবাৰ ভোগালীয়ে বিহুবলীয়া ৰাইজক ব্যস্ত কৰি তুলিলে । বৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকুলত প্ৰতি বছৰে চলি অহাৰ দৰে এইবাৰো অনুষ্ঠিত হ'ল কুকুৰা যঁজ (Cock fight in Dibrugarh)। ঐতিহাসিক স্বৰ্গদেউৰ দিনৰ পৰা চলি অহা পৰম্পৰাগত কুকুৰা যুঁজ আজিও দেখিবলৈ পোৱা যায় বকুলত (Cockfight as a tradition) । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যুঁজ উপভোগ কৰিবলৈ অহা কৌতুহুলী ৰাইজৰ সমাবেশ ঘটিছে বকুলত । উচ্চ ন্যায়ালয় নিষেধাজ্ঞাৰৰ পাছতো ডিব্ৰুগড়ৰ বকুলত অনুষ্ঠিত এই কুকুৰা যুঁজ হৈ পৰিছে এতিয়া সমন্বয়, সম্প্ৰীতিৰ বাহক ।