টীয়কত শীৰ্ঘ্ৰে নিৰ্মাণ হ’ব পূৰ্ণাংগ ষ্টেডিয়াম: মুখ্যমন্ত্ৰী - বাঁহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 20, 2021, 10:00 AM IST

বৃহস্পতিবাৰে টীয়কৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ প্ৰতিষ্ঠানৰ বিভিন্ন কাম কাজৰ খতিয়ান লয় ৷ এই প্ৰতিষ্ঠানটোৱে বাঁহ আৰু আগৰ ওপৰত যি গৱেষণা চলাই আছে, তাক ব্যৱসায়ী ভিত্তিত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰা ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত মাধৱদেৱ কলাক্ষেত্ৰ, টীয়কত এখন পূৰ্ণাংগ ষ্টেডিয়াম অতি সোনকালে নিৰ্মাণ হ'ব বুলি আশ্বাস দিয়ে । লগতে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয় সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব বুলি মত প্ৰকাশ কৰে । তাৎপৰ্যপূৰ্ণ এই যে কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পত নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত টীয়কৰ ৰিতু বৰা দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসম পুলিচৰ এজন জোৱান আলফালৈ যোৱাৰ তথ্য পোৱা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.