'' ইয়ে ক্যা নাটক হ্যে ? '': নগাঁৱৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক - Assam CM Himanta Bishwa Sarma

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 15, 2022, 5:07 PM IST

Updated : Jan 15, 2022, 10:57 PM IST

কেবাটাও কাৰ্য্যসূচী হাতত লৈ শনিবাৰে নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰে(CM Himanta Bishwa Sarma angry) । খঙতে মুখ্যমন্ত্ৰীয়ে নগাঁও জিলাৰ উপায়ুক্তক দিলে ধমক (CM Himanta Bishwa Sarma angry on Nagaon DC ) । নগাঁও চহৰৰ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত মৃত্যুঞ্জয় মন্দিৰলৈ গৈ থকা সময়ত বঢ়মপুৰ সমষ্টিৰ গোমোঠা গাঁৱত এটি পথৰো উদ্ধোধন কৰিবলৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মা। সেই সময়তে পথৰ যান জঁট দেখি হতভম্ব হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। লগতে জিলা উপায়ুক্তক মাতি যান জঁটৰ বিষয়ে সোধাত গম পায় যান জঁটৰ প্ৰকৃত কাৰণ। মুখ্যমন্ত্ৰীৰ আগমনৰ বাবেই আৰক্ষী প্ৰশাসনে প্ৰায় ২০ মিনিট সময় ৰখাই থৈছিল পথটোৰে যাতায়ত। এই বিষয়ে গম পোৱাৰ পিছতেই জিলা উপায়ুক্তক মাতি ধমক দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
Last Updated : Jan 15, 2022, 10:57 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.