thumbnail

By

Published : Jun 21, 2021, 7:18 AM IST

ETV Bharat / Videos

বিচিপিএলৰ সামগ্ৰীক উৎপাদন পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

দুদিনীয়া কাৰ্যসূচীৰে উজনি অসম ভ্ৰমণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় গেছক্ৰেকাৰ প্ৰকল্প তথা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেডত উপস্থিত হৈ প্ৰকল্পটোৰ সামগ্ৰিক উৎপাদন সন্দৰ্ভত পৰ্যালোচনা কৰে । কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত ক’ভিড পৰিস্থিতি আৰু বান গৰাখহনীয়া সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাচতে লেপেটকটাস্থিত প্ৰকল্পত উপস্থিত হয় । প্ৰকল্পৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাসহ অন্যান্য বিষয়ববীয়াৰ সৈতে আলোচনাত বিগত দুটা বৰ্ষত পলিমাৰ উৎপাদন যথেষ্ট ভাল হোৱাৰ লগতে লাভজনক হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোত অধিক লাভজনক তথা উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আলোচনাত মিলিত হয় । আনহাতে, ভটিয়নী উদ্যোগৰ ক্ষেত্ৰত বিচিপিএল কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ সৈতে শক্তি মন্ত্ৰী বিমল বৰা আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, তেৰছ গোৱালা আৰু চক্ৰ গগৈ উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.