Traffic rules in Assam: হেলমেট পৰিধানক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ - bokakhat police gave gamusa to people wearing helmet
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13821892-thumbnail-3x2-t.jpg)
1 ডিচেম্বৰৰ পৰা ৰাজ্যত প্ৰশাসনে কঠোৰভাৱে বলৱৎ কৰিছে যান-বাহন, নিয়ম শৃংখলা আইন (Govt is becoming strict regarding traffic rules) ৷ মটৰচাইকেলত উঠিলেই পিন্ধিব লাগিব হেলমেট ৷ চালক আৰোহী উভয়ৰে বাবে প্ৰযোজ্য এই নিয়ম (Rider climber both must wear helmet) ৷ বোকাখাতত শনিবাৰে যান-বাহন আৰক্ষীয়ে হেলমেট পৰিধান কৰা সকলক গামোচা যাচি (Bokakhat police gave gamusa to people wearing helmet) ৰাইজক সজাগতা সম্পৰ্কে অৱগত কৰোৱাৰ এক অনন্য প্ৰচেষ্টা হাতত লোৱা দেখা গ’ল ৷ সমান্তৰালকৈ হেলমেট পৰিধান নকৰা সকলক এহেজাৰ টকাকৈ জৰিমনা বিহে আৰক্ষীয়ে (Traffic police fined rupees thousand for not wearing helmet) ৷ একাংশ সচেতন ব্যক্তিও দেখা পোৱা গ’ল বোকাখাতৰ ৰাজপথত ৷ নিজৰ লগতে আৰোহী পুত্ৰকো হেলমেট পিন্ধোৱাই আনিলে পিতৃয়ে ৷ সমাজৰ বাবে আদৰ্শবান এনে ব্যক্তিৰ শলাগ ল’লে বোকাখাত আৰক্ষী আৰু ৰাইজে ৷