শাৰদীয় উৎসৱক কেন্দ্ৰ কৰি সষ্টম হৈ পৰিছে বোকাখাত আৰক্ষী - মাস্ক পৰিধান
🎬 Watch Now: Feature Video
পূজাৰ সময়ছোৱাত যাতে কোনো দুস্কৃতিকাৰীয়ে কোনোধৰণৰ যাতে দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে দেওবাৰে বিয়লি বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ নেতৃত্বত বোকাখাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ এটা দলে বোকাখাত নগৰত এক তহল বাহিৰ কৰে ৷ ক'ভিড-১৯ ৰ সকলো বিধি মানি পূজা উপভোগ কৰাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা, দুচকীয়া বাহনত মহিলাৰ লগতে ১৫ বছৰ তলৰ বাহিৰে দুজন উঠা নিষেধ আৰু দুটাকৈ ক'ভিড প্ৰতিষেধক লোৱা লোকহে ঘৰৰ পৰা ওলাই অহাৰ ওপৰত এক সজাগতা ৰেলী বাহিৰ কৰে ৷ ক'ভিড অতিমাৰীক প্ৰতিহত কৰাৰ লগতে কোনো দুস্কৃতিকাৰীয়ে যাতে কোনো অপকৰ্ম কৰিব নোলাৰে তাৰ বাবে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবৰ বাবে মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই সকলোকে আহ্বান জনায় ৷